Zestmoney এপৰ পৰা লোন কেনেকৈ লব? A to Z শিকো আহক | Apply Zestmoney Personal Loan in Assamese

Apply Zestmoney Personal Loan in Assamese : Personal Loan লোৱাটো আজিকালি বৰ সহজ কথা নহয়। আপুনি বহুতো বেংকত যাব লাগিব সেই বেংকত আপোনাৰ একাউণ্ট থাকিব লাগিব আৰু একাউণ্টত ভালদৰে লেনদেন কৰিব লাগিব আৰু বেংকে আপোনাক বহুত ফৰ্ম পূৰাব দিব। আপুনি তেওঁলোকক আপোনাৰ সকলো তথ্য যেনে উপাৰ্জন, আপোনাৰ মা-দেউতাৰ নাম আৰু আপোনাৰ ঘৰৰ ঠিকনাও দিব লাগিব।

বেংক, এনবিএফচি বা অন্যান্য প্ৰতিষ্ঠানৰ পৰা যদি আপুনি Personal Loan লব বিচাৰে তেন্তে সেই প্ৰতিষ্ঠান সমূহেও আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স আদি নথিপত্ৰৰ যোগেদি আপোনাৰ সঠিক পৰিচয় প্ৰমাণ কৰিব আৰু তাৰ পাছত হে আপোনাক Personal Loan প্ৰদান কৰিব।

Apply Zestmoney Personal Loan in Assamese, What is Zest Money Loan App in Assamese, Benefits of Zest Money, Eligibility for Zest money Personal Loan Apply in Assamese, How to Apply Zestmoney Personal Loan in Assamese, Interest Rate of ZestMoney Personal Loan, Zest money customer care Number

TATA NEU Super UPI App কি হয়? সুবিধাসমূহ কি কি? TATA NEU Super UPI App in Assamese

Apply Zestmoney Personal Loan in Assamese

কিন্তু আপোনালোকে চিন্তা কৰিব লগীয়া কোনো কাৰণ নাই কাৰণ মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা সহজ এপ্লিকেচন তাৰ নাম হৈছে ZestMoney। আজিৰ এই লেখাটোৰ জৰিয়তে আমি জানিম যে কি কি প্ৰক্ৰিয়াৰ জৰিয়তে অতি সহজে ZestMoney ৰ পৰা Personal Loan লব পাৰে। সবিশেষ জানিবলৈ লেখাটো শেষলৈকে পঢ়িব।

Apply Zestmoney Personal Loan in Assamese

বৰ্তমান সময়ত বহুতো অনলাইন লোন এপ্লিকেচনে ০% সুতৰ হাৰত Personal Loan দি আছে। এই এপ্লিকেচন সমূহৰ পৰা লোন লবলৈ আপুনি কোনো শাখাত যোৱাৰ প্ৰয়োজন নাই, ঘৰতে বহি আপুনি লোনৰ বাবে আবেদন জনাব পাৰে। এই এপ্লিকেচন সমূহৰ ভিতৰত Zest money ও এটা অন্যতম FinTech Lending কোম্পানী। Zest money ৰ আৰম্ভনি হৈছিল ২০১৫ চনত । এই কোম্পানীটো আৰম্ভ কৰিছিল লিজি চেপমেন, প্ৰিয়া শৰ্মা আৰু আশীষ অনন্তৰামনে । Zest money ৰ পৰা আপুনি অতি সহজে অনলাইনত ডেবিট আৰু ক্ৰেডিট কাৰ্ড নোহোৱাকৈয়ে EMI ত বস্তু কিনিব পাৰে । Zest Money ৰ পৰা কেনেকৈ লোন লব পাৰিব সকলো কথা বিতং ভাৱে জানো আহক?

Bandhan Bank ৰ পৰা কেনেকৈ লোন লব পাৰিব : Bandhan Bank Personal Loan in Assamese Apply Online

Zest Money Loan App কি হয়? What is Zest Money Loan App in Assamese

বৰ্তমান সময়ত সকলো বস্তু ডিজিটেল হৈ পৰিছে আৰু ঠিক তেনেকৈয়ে Zest money হৈছে দ্ৰুতগতিত বৃদ্ধি পোৱা ডিজিটেল ফাইনেন্স প্লেটফৰ্ম, যাৰ সহায়ত আপুনি অনলাইনত Personal Loan লোৱাৰ পৰা আদি কৰি বস্তু কিনিবও পাৰে । আপুনি যদি Zest money এপ্লিকেচনটো ব্যৱহাৰ কৰে তেন্তে তাৰ সহায়ত ডাঙৰ কোম্পানী বিলাকৰ নতুন স্মাৰ্টফোন, দামী-দামী কাপোৰ, ভ্ৰমণ, শিক্ষা, স্বাস্থ্যসেৱা আদিৰ সামগ্ৰী শূন্য শতাংশ (০% সুতৰ হাৰ)ত কিনিব পাৰিব।

Zest money ৰ আটাইতকৈ ডাঙৰ সুবিধাটো হল ইয়াৰ সহায়ত আপুনি ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড নোহোৱাকৈয়ে Amazon আৰু Flipkart ৰ পৰা অনলাইনত EMI ত বজাৰ কৰিব পাৰে। আপুনি Amazon আৰু Flipkart ৰ পৰা বজাৰ খিনি Zest money য়ে আপোনাক loan ৰ হিচাপত দিয়ে। যাক পাছত আপুনি EMI ত পেমেণ্ট কৰিব পাৰে।

Google ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি – How to Earn Money from Google in Assamese within 4 days for free

Apply Zestmoney Personal Loan in Assamese, What is Zest Money Loan App in Assamese, Benefits of Zest Money, Eligibility for Zest money Personal Loan Apply in Assamese, How to Apply Zestmoney Personal Loan in Assamese, Interest Rate of ZestMoney Personal Loan, Zest money customer care Number

Zest Money Loan ৰ সুবিধাসমূহ কি কি? Benefits of Zest Money Personal Loan Apply in Assamese

  • কোনো শাখালৈ নোযোৱাকৈয়ে মোবাইলৰ পৰাই ঘৰতে বহি লোনৰ বাবে আবেদন কৰিব পাৰে।
  • আপোনাৰ যদি Cibil Score দুৰ্বল হয় তেতিয়াও আপুনি ঋণ ল’ব পাৰিব।
  • Zest Money ৰ পৰা ঋণৰ ওপৰত কোনোধৰণৰ অতিৰিক্ত প্ৰচেছিং চাৰ্জ লোৱা নহয়।
  • যদি আপুনি 6 মাহৰ ভিতৰত লোন মাৰি শেষ কৰিব পাৰে তেন্তে প্ৰচেছিং মাচুল শূন্য।
  • যদি আপুনি আগতীয়াকৈ লোন মাৰি শেষ কৰো বুলি ভাৱে তেন্তে কোনো অতিৰিক্ত মাচুল দিব নালাগে।
  • EMI ত বজাৰ কৰিবৰ বাবে আপোনাক ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন নহয়।

Axis Bank ATLAS Credit Card কেনেকৈ Apply কৰিব : Axis Bank ATLAS Credit Card Apply Online in 5 Minutes – Axis Bank Credit Card free কেনেকৈ বনাব শিকি লও আহক

Zest Money Loan ৰ বাবে যোগ্যতা কি? Eligibility for Zest money Personal Loan Apply in Assamese

  • Zest Money ত একাউণ্ট খুলিবলৈ কোনোধৰণৰ মাচুল দিব নালাগে অতি সহজে বিনামূলীয়াকৈ আপুনি Zest Money ত একাউণ্ট খুলিব পাৰে।
  • Zest Money ত একাউণ্ট খুলিবলৈ হলে আপোনাৰ বয়স 18 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হব লাগিব। তেতিয়াহে আপুনি লোনৰ বাবে আবেদন জনাব পাৰিব।
  • Zest Money ত যেতিয়া আপুনি একাউণ্ট খুলিব তেতিয়া আপোনাৰ মোবাইল নম্বৰ ভেৰিফাই কৰা হব। গতিকে আপোনাৰ এটা মোবাই নম্বৰ থাকিব লাগিব।
  • ওপৰৰ কথাখিনিৰ বাহিৰেও Zest Money ত একাউণ্ট খুলিবলৈ আপোনাৰ বেংক একাউণ্ট (নেটবেংকিং বা ষ্টেটমেন্ট), পেন কাৰ্ড আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক।

Zest Money Loan ৰ বাবে কেনেকৈ আবেদন কৰিব? How to Apply Zestmoney Personal Loan in Assamese

  • Zest Money ত যদি আপুনি একাউণ্ট বনাবলৈ বিচাৰে তেন্তে zest money ৰ অফিচিয়েল ৱেবচাইট আৰু এপ্লিকেচন ব্যৱহাৰ কৰিও একাউণ্ট খুলিব পৰা যায়।
  • প্ৰথমতে আপোনাৰ মোবাইল নম্বৰটো ফিল কৰি Get OTP অপচনটোত ক্লিক কৰক ।
  • ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব।
  • সেই OTP টো দিয়াৰ পাছত verify বুটামত ক্লিক কৰক।
  • তাৰ পাছত আপুনি আপোনাৰ ইমেইল আইডি ভেৰিফাই কৰিব লাগিব । আপোনাৰ email id দিয়ক আৰু create account ৰ অপচনটোত ক্লিক কৰক।
  • ইয়াৰ পিছত , আপোনাৰ সম্পূৰ্ণ নাম, জন্ম তাৰিখ ইত্যাদি ভৰাব লাগিব আৰু তাৰ পাছত Zest Money এপটোতত continue অপচনত ক্লিক কৰক।
  • এটা খতা মনত ৰাখিব যে আধাৰ কাৰ্ডত থকা অনুসৰি হে ঠিকনাটো ভৰাব লাগিব।

Apply Zestmoney Personal Loan in Assamese

  • ইয়াৰ পাছত আপুনি পেন নম্বৰ আৰু আধাৰ কাৰ্ড জমা দিব লাগিব। তাৰ পাছত আপোনাৰ আধাৰ কাৰ্ড ভেৰিফিকেচন কৰা হব।সেই বাবে আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো লগতে ৰাখিব।
  • ইয়াৰ পাছত আপোনাৰ ইনকামৰ কথা সোধা হব। কিমান টকা ইনকাম কৰে, চাকৰি কৰে নে – ব্যৱসায় কৰে- কিমান টকা উপাৰ্জন কৰে- আৰু মাহিলী কিমান টকাৰ ব্যয় কৰে – এই সকলো তথ্য পূৰণ কৰাৰ পাছত save and continue অপচনত ক্লিক কৰিব।
  • ইয়াৰ পাছত স্ক্ৰীণত আপোনাৰ একাউণ্টৰ ষ্টেটাচ দেখুৱাব যে একাউণ্টো Approve হল নে নাই । যেতিয়ালৈকে Zest Money ত আপোনাৰ KYC সম্পূৰ্ণ নহ’ব, তেতিয়ালৈকে আপুনি একাউণ্টো ব্যৱহাৰ কৰিব নোৱাৰিব।

Zest Money একাউণ্টৰ বাবে KYC কেনেকৈ কৰিব? How to update zestmoney KYC in Assamese

যদি আপোনাৰ Zest Money একাউণ্টটো অনুমোদিত হয়। Zest Money ৰ পৰা ক্ৰেডিট লিমিট পাবলৈ একাউণ্টটোৰ সম্পূৰ্ণ KYC কৰাটো প্ৰয়োজনীয়। যেতিয়া আপোনাৰ একাউণ্টো Approve হব তাৰ পাছত ক্ৰেডিট লিমিট বঢ়াবলৈ একাউণ্টটো সম্পূৰ্ণ KYC কৰাটো অতি প্ৰয়োজনীয়। আপোনাৰ একাউণ্টৰ KYC সম্পূৰ্ণ নকৰালৈকে, Zest Money ৰ পৰা আপুনি কোনা ধৰণৰ লোন নাপাই বা অনলাইনত বজাৰ কৰিব নোৱাৰে। Zest Money ত KYC কেনেকৈ কৰিব লাগে তাৰ বিষয়ে বিতং ভাৱে শিকো আহক ।

Apply Zestmoney Personal Loan in Assamese

জেষ্ট মানি একাউণ্টৰ অফলাইন কেৱাইচিৰ বাবে আধাৰ কাৰ্ড নম্বৰ, নাম, ঠিকনা, পৰিচয় প্ৰমাণ আৰু ঠিকনা প্ৰমাণৰ প্ৰয়োজন হ’ব। এই প্ৰক্ৰিয়াত কেৱাইচি সম্পূৰ্ণ কৰিবলৈ সময় লাগে। আপুনি যদি অফলাইন যোগে KYC সম্পূৰ্ণ কৰিব বিচাৰে তেন্তে আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, নাম, ঠিকনা, পৰিচয় প্ৰমাণ ইত্যাদিৰ প্ৰয়োজন হ’ব। আৰু এই অফলাইন প্ৰক্ৰিয়াত KYC সম্পূৰ্ণ হবলৈ যথেষ্ট সময় লাগে।

সেয়েহে বেছিভাগ লোকেই অনলাইনত Zest Money একাউণ্টৰ KYC সম্পূৰ্ণ কৰাটো পছন্দ কৰে। অনলাইনত কৰিবলৈ তেনেই সহজ কাৰণ ইয়াত আধাৰ কাৰ্ড নম্বৰ পূৰণ কৰাৰ পিছত আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত যোৱা অ’টিপিৰ সৈতে ভেৰিফাই কৰি KYC সম্পূৰ্ণ কৰা হয়।

Zest Money একাউণ্ট কিয় অনুমোদন কৰা হোৱা নাই? Why zestmoney account is Rejected in Assamese?

Zest Money য়ে Artificial Inteeligence ৰ জৰিয়তে কাম কৰে যিয়ে আপোনাৰ ব্যক্তিগত তথ্যৰ লগত CIBIL স্ক’ৰ পৰীক্ষা কৰি ঋণ একাউণ্টৰ Approval দিয়ে। আপুনি যদি Zest Money একাউণ্টৰ Approval পোৱা নাই তাৰ দুটা কাৰণ থাকিব পাৰে। প্ৰথমতে হয় আপোনাৰ ক্ৰেডিট স্ক’ৰ অতি কম বা দ্বিতীয়তে আপোনাৰ ক্ৰেডিট স্ক’ৰ এতিয়ালৈকে বনোৱা নাই ।

আপুনি যদি কোনো বেংকৰ পৰা বা কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আজিলৈকে কোনো ধৰণৰ লোন লৈ পোৱা নাই বা EMI ত একো বস্তু লৈ পোৱা নাই তেন্তে আপোনাৰ CIBIL স্কৰ 0 দেখুৱাব।

ঋণৰ ওপৰত Zest Money সুতৰ হাৰ কিমান? Interest Rate of ZestMoney Personal Loan in Assamese

Zest Money ৰ পৰা লোন লবলৈ হলে আপুনি কোম্পানীটোক বছৰি প্ৰায় ২০ শতাংশৰ পৰা ৩৬ শতাংশলৈকে সুত দিব লাগিব। যিটো সময় অনুসৰি কম বেছি হব পাৰে। Zest Money ৰ পৰা লোৱা লোন যদি আপুনি সঠিক সময়ত পৰিশোধ কৰে তেন্তে আপোনাৰ ক্ৰেডিট স্ক’ৰ বৃদ্ধি পাব আৰু ভৱিষ্যতে যদি পুনৰ আপোনাক ঋণৰ প্ৰয়োজন হয়, তেন্তে আপুনি কম সুতৰ হাৰত Zest Money app ৰ পৰা ঋণ লাভ কৰিব পাৰিব।

Zestmoney গ্ৰাহক সেৱা নম্বৰ – Zest money customer care Number in Assamese

যদি আপুনি zest money এপটো ব্যৱহাৰ কৰাত বা একাউণ্ট খোলাত বা ক্ৰেডিট লিমিট বৃদ্ধি কৰা, KYC সম্পূৰ্ণ কৰা ইত্যাদি যিকোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি তলত উল্লেখ কৰা zest money customer care number ত customer care team ৰ সৈতে যোগাযোগ কৰিব পাৰিব।

Zest money ৰ যোগাযোগ নম্বৰ:  06269000097

ক্ৰেডিট লিমিট চেক কৰা মিছ কল নম্বৰ:  09513650707

Zest money ৰ ইমেইল id:  help@zestmoney.in