গান্ধী জয়ন্তীৰ বিষয়ে কিছু নজনা কথা | About Gandhi Jayanti 2022 in Assamese

Gandhi Jayanti 2022 in Assamese:  প্ৰতিবছৰৰ ২ অক্টোবৰ তাৰিখটো আমি ভাৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাmahatma gandhi quotes,mahatma gandhi death,essay on mahatma gandhi,mahatma gandhi - wikipedia,mahatma gandhi age,mahatma gandhi family,mahatma gandhi religion গান্ধী জয়ন্তী হিচাপে উদযাপন কৰো। ভাৰতৰ স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকাৰ বিষয়ে আমি সকলোৱে জানো। ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ এটা ধনী পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল যদিও তেওঁ নিজ দেশৰ বাবে সকলো ত্যাগ কৰি ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। প্ৰতিবছৰৰ দৰে এইবাৰো গান্ধী জয়ন্তী ভাৰতৰ বিভিন্ন স্থানত অতি উল্লাসেৰে উদযাপন কৰা হ’ব।

You Can also read:

  1. পেটৰ বিষ ভাল কৰাৰ সহজ 10 টা ঘৰুৱা উপায় – 10 Easy Home Remedies for Stomach Pain relief in Assamese
  2. ফেচবুকৰ পৰা টকা ঘটাৰ 10 টা উপায়- How to earn money from Facebook in Assamese 2022

মহাত্মা গান্ধীৰ জীৱন পৰিচয় – Mahatma Gandhi Biography in Assamese

Gandhi Jayanti 2022 in Assamese:- মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচান্দ গান্ধী আৰু তেওঁৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত। মহাত্মা গান্ধীৰ জন্ম হৈছিল এটা বৈষ্ণৱ পৰিয়ালত । তেওঁৰ ককাক উত্তমচান্দ গান্ধীয়ে গুজৰাটৰ মহাৰাজাৰ দীৱান হিচাপে কাম কৰিছিল।

যেতিয়া দেশত ব্ৰিটিছ শাসন আৰম্ভ হৈছিল তেতিয়া তেওঁৰ পিতৃ শ্ৰী কৰমচান্দ গান্ধীক দীৱান হিচাপে পোৰবন্দাৰৰ পৰা ৰাজকোটলৈ বদলি কৰি এখন আদালতত দিৱান হিচাপে নিযুক্তি দিয়া হৈছিল। তাতে তেওঁৰ দেউতাকে উকীলসকলক আৰু আদালতৰ বিচাৰকজনক লক্ষ্য কৰিলে যে সমাজত উকীলৰ সন্মান অতি উচ্চ, ইয়াৰ বাবেই তেওঁ পুত্ৰ মহাত্মা গান্ধীক উকীল হ’বলৈ পৰামৰ্শ দিলে। মহাত্মা গান্ধী সৰুৰে পৰা পঢ়া-শুনাত যথেষ্ট ভাল আছিল, সৰুৰে পৰা তেওঁৰ নেতৃত্ব লব পৰা ক্ষমতাও অতি লক্ষনীয় আছিল।

দেউতাকৰ আশাটোৰ বাবেই গান্ধীজীয়ে প্ৰাথমিক পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পাছত বেৰিষ্টাৰ পঢ়িবৰ বাবে লণ্ডনলৈ যোৱাৰ সিদ্ধান্ত লয়। লণ্ডনলৈ যোৱাৰ পূৰ্বে মহাত্মা গান্ধী আৰু কস্তুৰ্বা গান্ধী ১৯৮৩ চনৰ মে’ মাহত বিবাহপাশত আবদ্ধ হয় । সেই সময়ত মহাত্মা গান্ধীৰ বয়স আছিল মাত্ৰ ১৩ বছৰ আৰু কস্তুৰ্বা গান্ধীৰ ১৪ বছৰ বয়স হৈছিলহে মাত্ৰ। বিবাহৰ কেইবছৰমান পিছতেই পত্নীৰ পৰা বিদায় লৈ মহাত্মা গান্ধীয়ে লণ্ডনলৈ পঢ়া-শুনা কৰিবলৈ গৈছিল।

Mahatma Gandhi Biography in Assamese ( Gandhi Jayanti 2022 in Assamese)

বেৰিষ্টাৰৰ পঢ়া সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি অহাৰ পাছত গান্ধীজীয়ে মুম্বাইত উকীলৰ অনুশীলন কৰা আৰম্ভ কৰিছিল। অনুশীলন কৰি থকা সময়তে তেওঁ আফ্ৰিকাৰ এজন ধনী ব্যক্তিৰ গোচৰ উকালতি কৰাৰ সুবিধা পাইছিল, যাৰ বাবে তেওঁ সেই ব্যক্তিজনৰ সৈতে দক্ষিণ আফ্ৰিকালৈ যাবলগীয়া হৈছিল। দক্ষিণ আফ্ৰিকাত তেওঁ সেই গোচৰটোত জয়ী হৈছিল। দক্ষিণ আফ্ৰিকাত থকা সময়ত গান্ধীজীৰ চকুত পৰিল তাত ঘটি থকা বৰ্ণ বৈষম্য আৰু তাত থকা মানুহ খিনিৰ সেই অৱস্থা গান্ধীজীয়ে সহ্য কৰিব পৰা নাছিল। দক্ষিণ আফ্ৰিকাতে গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল আৰু বৃটিছক তেওঁ অহিংসা পথেৰে পৰাস্ত কৰিছিল। গান্ধীজীৰ এই সত্যাগ্ৰহৰ ফলতেই ব্ৰিটিছসকলে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলগীয়া হৈছিল। সমগ্ৰ বিশ্বতে এই কথা বিয়পি পৰিল যে ভাৰতৰ পৰা অহা মহাত্মা গান্ধীয়ে অহিংসাৰ ভিত্তিত ব্ৰিটিছক আইন প্ৰণয়ন কৰিবলৈ বাধ্য কৰালে।

2 October Gandhi Jayanti in Assamese (Gandhi Jayanti 2022 in Assamese)

দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধী আৰু তেওঁৰ পত্নী কস্তুৰ্বা গান্ধী প্ৰায় ২১ বছৰ ধৰি আছিল। গান্ধীজীয়ে তেওঁৰ ৰাজনৈতিক গুৰু গোপাল কৃষ্ণ গোখলেৰ পৰামৰ্শ মতে ভাৰতলৈ অহাৰ সিদ্ধান্ত লয়। ১৯১৫ চনৰ ৯ জানুৱাৰীত মহাত্মা গান্ধী ২১ বছৰৰ মূৰত ভাৰতলৈ উভতি আহে। ভাৰতলৈ উভতি অহাৰ পাছত সকলো ৰাইজে তেওঁক উষ্ম আদৰণি জনাই। ভাৰতলৈ অহাৰ পাছত তেওঁ প্ৰথম সত্যাগ্ৰহ ১৯১৭ চনত বিহাৰৰ চম্পাৰণ জিলাত নীল খেতিয়কৰ বিৰুদ্ধে আৰম্ভ কৰে।

Gandhi Jayanti 2022 in Assamese (Gandhi Jayanti 2022 in Assamese)

দক্ষিন আফ্ৰিকাৰ পৰা অহাৰ পাছত গান্ধীজীক বৃটিছৰ বিৰুদ্ধে ইটোৰ পাছত সিটো আন্দোলন কৰি যোৱা দেখা গল, যেনে- ১৯১৭ চনত চম্পাৰণ সত্যাগ্ৰহ, তাৰ পিছত ১৯১৮ চনত খেদা সত্যাগ্ৰহ, ১৯১৯ চনত ৰাওলাট আইনৰ বিৰুদ্ধে আন্দোলন, ১৯২০ চনত অসহযোগ আন্দোলন, ১৯২২ চনত নাগৰিক অবাধ্যতা আন্দোলন, ১৯৩০ চনত ডাণ্ডী মাৰ্চ, ১৯৩৫ চনত দলিত আন্দোলন, ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন মূলতে এই কেইটা অহিংসা আন্দোলনৰ জৰিয়তে গান্ধীজীয়ে আমাৰ মৰমৰ দেশখনক ব্ৰিটিছৰ হাতৰ পৰা মুক্ত কৰিছিল।

কেৱল ২ অক্টোবৰত গান্ধী জয়ন্তী কিয় পালন কৰা হয়? Why is Gandhi Jayanti celebrated on 2nd October only?

দেশৰ প্ৰতি কৰি যোৱা কাৰ্য সমূহৰ বাবেই মহাত্মা গান্ধীক ভাৰতৰ জাতিৰ পিতা বুলি গণ্য কৰা হয়, ইয়াৰ বাবেই গান্ধীজীৰ জন্মদিনটো বিশেষ কৰি তুলিবলৈ প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষত ২ অক্টোবৰত গান্ধী জয়ন্তী উৎসৱ পালন কৰা হয়।

ভাৰতৰ স্বাধীনতাৰ সময়ত গান্ধীজী সকলো স্বাধীনতা সংগ্ৰামীৰ বাবে পিতৃস্বৰূপ আছিল। ইয়াৰ বাবেই তেওঁক জাতিৰ পিতাৰ মৰ্যাদাও দিয়া হয়। এই দেশৰ প্ৰতিজন নাগৰিকে তেওঁক সন্মানকৰে আৰু তেওঁ দি যোৱা সেই অমৃত বাণী সকলোৱে পালন কৰে। এটা কথাৰ বাবেই আমি গান্ধী জয়ন্তী উদযাপন কৰো কাৰণ সেই দিনটোত দেশৰ প্ৰতি মহাত্মা গান্ধীৰ বলিদানৰ কথা মনত পেলাব পাৰো আৰু তেওঁৰ নিৰ্দেশনাসমূহ মানি চলিব পাৰো আৰু আমি বিপথে পৰিচালিত নহও।

কেনেকৈ পালন কৰা হয় গান্ধী জয়ন্তী – Why is Gandhi Jayanti celebrated? (Gandhi Jayanti 2022 in Assamese)

গান্ধীজীৰ জন্মদান প্ৰতি বছৰে ২ অক্টোবৰত সমগ্ৰ ভাৰততে গান্ধী জয়ন্তী হিচাপে অতি উলহ-মালহেৰে পালন কৰা হয়। গান্ধী জয়ন্তীৰ দিনা চৰকাৰে এটা নতুন আঁচনি ৰাইজৰ মাজলৈ আগবঢ়ায় আৰু দেশৰ সকলো ৰাইজে বিভিন্ন ঠাইত গান্ধীজীৰ জন্মদিন উদযাপন কৰি তেওঁৰ ত্যাগ আৰু তেওঁৰ ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰে।

গান্ধী জয়ন্তী ২০২২ৰ FAQ’s – Gandhi Jayanti 2022 FAQ’s – Gandhi Jayanti 2022 in Assamese

প্রঃ মহাত্মা গান্ধীক কোনে মহাত্মা উপাধি দিছিল?

উত্তৰঃ- বিখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীক মহাত্মা উপাধি প্ৰদান কৰিছিল।

প্রঃ মহাত্মা গান্ধীৰ গুৰু কোন আছিল?

উত্তৰঃ- মহাত্মা গান্ধীয়ে তেওঁৰ জীৱনীত কৈছে যে তেওঁৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে যিয়ে মহাত্মা গান্ধীক অহিংসা আৰু ৰাজনীতিৰ পাঠ শিকাইছিল।

You Can also read:

  1. Best earbuds under 2000 in India 2022 – Top 5 best earbuds under 2000
  2. Flipkart Vs Amazon sale 2022: কি কি বস্তু কিমান কম দামত পাব, বেংকৰ অফাৰৰ পৰা কেচবেক লৈকে সকলো জানি পাৰিব
  3. Zestmoney এপৰ পৰা লোন কেনেকৈ লব? A to Z শিকো আহক | Apply Zestmoney Personal Loan in Assamese

Here we are trying to explain you some special facts about Gandhi Jayanti 2022 in Assamese in simple words. We want to tell you some facts related to Gandhi Jayanti, that you can understand Mahatma Gandhi and Gandhi Jayanti festival in simple words. If this article has helped you to understand Mahatma Gandhi and the Gandhi Jayanti festival, then don’t forget to share it with your friends and tell us your suggestions and thoughts in the comments. Thank you for read our article about Gandhi Jayanti 2022 in Assamese.

 

Follow us on Facebook click here

1 thought on “গান্ধী জয়ন্তীৰ বিষয়ে কিছু নজনা কথা | About Gandhi Jayanti 2022 in Assamese”

Leave a Comment