পেটৰ বিষ ভাল কৰাৰ সহজ 10 টা ঘৰুৱা উপায় – 10 Easy Home Remedies for Stomach Pain relief in Assamese

Home Remedies for Stomach Pain relief in Assamese: Hi Friends, Today we are going to discuss about home remedies for stomach pain relief and gas in this article. If you read our article till the end you can also get to know about stomach pain after eating and What should we use as a home remedies for stomach pain and also we will provide some information about stomach pain causes.

দৰ্শকসকল পেটৰ বিষৰ সমস্যাটো প্ৰতিজন মানুহে ভুগি অহা এটা সমস্যা। পেটৰ বিষ হলে বহুতো লক্ষণ আৰু অস্বস্তি দেখা পোৱা যায়। পেটৰ বিষ কাৰোবাৰ কম পৰিমানে হয় কাৰোবাৰ বেছিকৈ হয় আৰু পেটৰ বিষ হলে ক্ৰেম্প, গেছ, বমি, ডায়েৰিয়া, পেট ফুলা ইত্যাদিও দেখা পোৱা যায়। পেটৰ বিষ হোৱাৰ বহুতো কাৰণৰ ভিতৰত কেইটামান সাধাৰণ কাৰণ হ’ল- বদহজম, গেছ, অৰ্শ, কোষ্ঠকাঠিন্য ইত্যাদি। কিন্তু এইখিনিতে এটা কথা মন কৰিব যে -আলচাৰ, হাৰ্নিয়া, কিডনীত পাথৰ, প্ৰস্ৰাৱৰ সংক্ৰমণ, এপেণ্ডিচাইটিছ  আদিৰ ফলতো পেটৰ বিষৰ সমস্যা হ’ব পাৰে। পেটৰ বিষ হলে সেইবাবে বৰ সহজ ভাৱে নলব। Home Remedies for Stomach Pain

Zestmoney এপৰ পৰা লোন কেনেকৈ লব? A to Z শিকো আহক | Apply Zestmoney Personal Loan in Assamese

আমি যেতিয়া পেটৰ বিষৰ সমস্যাত ভুগো আমি একো কামতে মনোনিৱেশ কৰিব নোৱাৰো আৰু আমাৰ শৰীৰটোৱে বৰ কষ্ট অনুভৱ কৰে। কিন্তু আমি সাধাৰণতে ঘৰতে ব্যৱহাৰ কৰি থকা কিছুমান বস্তুৰ সহায়ত প্ৰাকৃতিক আৰু সহজ ঘৰুৱা উপায়ৰ জৰিয়তে কম সময়ৰ ভিতৰতে এই পেটৰ বিষৰ পৰা সকাহ পাব পাৰো। বদহজম, গেছ, পেট ফুলা আদিৰ ক্ষেত্ৰত আপোনালোকে এই ঘৰুৱা ঔষধসমূহ ব্যৱহাৰ কৰিব পাৰে। আজিৰ এই লেখাটোত আমি আপোনালোকক তেনে কিছুমান সহজ ঘৰুৱা উপায়ৰ বিষয়ে কম যি কেইটা উপায় ব্যৱহাৰ কৰি আপুনি পেটৰ বিষৰ পৰা মুক্তি পাব পাৰিব। গতিকে বন্ধুসকল লেখাটো শেষলৈকে পঢ়িব বুলি আশা কৰিলো। Home Remedies for Stomach Pain

Table of Contents

Home Remedies for Stomach Pain

পেটৰ বিষৰ বাবে ঘৰুৱা ঔষধ হৈছে আদা  – How to use ginger for stomach pain

আদাত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণৰ ফলত পাচন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ হৈ থাকে আৰু তাৰ ফলত আদাই পেটৰ বিষ দূৰ কৰিব পাৰে। ইয়াৰ উপৰিও ফ্ৰী ৰেডিকেলৰ উৎপাদন হ্ৰাস কৰি আদাই  হজম প্ৰক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে। লগতে আদাই আমাৰ পেটত থকা এচিডকো নিয়ন্ত্ৰণ কৰি ৰাখে।

Bandhan Bank ৰ পৰা কেনেকৈ লোন লব পাৰিব : Bandhan Bank Personal Loan in Assamese Apply Online

আদা কেনেকৈ ব্যৱহাৰ কৰিব লাগিব – How to use ginger for stomach pain

  • প্ৰথমে আপুনি আদা এদোখৰ সোমাজতে কাটি লওক।
  • এতিয়া বাকলিটো মিহি কৈ গুছাই আদা টুকুৰা পাতলকৈ কাটি লওক।
  • এতিয়া একাপমান পানী উতলাই লৈ তাত আপুনি পাতলকৈ কাটি লোৱা আদাখিনি দিব।
  • পাতলকৈ কাটি লোৱা আদাখিনি তিনি মিনিট মান সময়লৈকে উতলিবলৈ দিব।
  • তিনি মিনিট মানৰ পিছত উতলোৱা আদাখিনি চেকি লৈ পানী খিনিত অলপমান মৌ জোল দিব।
  • তাৰ পাছত আপুনি লাহে লাহে এইখিনি খাব।
  • পেটৰ বিষৰ পৰা চিৰদিনৰ বাবে মুক্তি পাবলৈ আৰু হজম শক্তি বৃদ্ধি কৰিবলৈ আদাৰ পৰা তৈয়াৰ কৰা এই মিশ্ৰণটো দিনে দুবাৰ বা তিনিবাৰকৈ খাব লাগে।

পেটৰ বিষ নিৰাময়ৰ বাবে চফ গুটি এবিধ ঘৰুৱা ঔষধ – How to use fennel seeds for stomach pain in Assamese

home remedies for stomach pain,stomach pain,stomach pain after drinking alcohol,stomach pain after eating,stomach pain and diarrhea,stomach pain at night,stomach pain before period,stomach pain causes,stomach pain covid

বদহজমৰ ফলত হোৱা পেট বিষৰ পৰা সোনকালে উপশম পোৱাত আপোনাক চফৰ গুটিয়ে সহায় কৰিব। কাৰণ চফগুটিত পুষ্টিকৰ, প্ৰস্ৰাৱ বৃদ্ধিকাৰী, বিষ কমাব পৰা আৰু এন্টিমাইক্ৰ’বিয়াল গুণ আছে। গেছ, পেট ফুলা আদি অন্যান্য লক্ষণৰ পৰাও চফগুটিয়ে আপোনাক উপশম পোৱাত সহায় কৰে। Home Remedies for Stomach Pain

Google ৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি – How to Earn Money from Google in Assamese within 4 days for free

চফ গুটিৰ ব্যৱহাৰ কেনেকৈ কৰিব

  • এগিলাচ গৰম পানীত পিহি লোৱা এচামুচ চফ গুটি দিব।
  • আৰু ইয়াক ৮ ৰ পৰা ১০ মিনিট মান সময়লৈকে উতলিবলৈ দিব লাগিব।
  • ১০ মিনিট মানৰ পাছত পাত্ৰটো ঠাণ্ডা হবলৈ ৰাখক।
  • মিশ্ৰণটো ঠাণ্ডা হোৱাৰ পিছত তাক ছেকি লওক।
  • মিশ্ৰণটোত অলপ মান মৌ জোল দি লাহে লাহে খাব লাগিব।
  • ইয়াৰ উপৰিও আপুনি আহাৰ গ্ৰহণ কৰাৰ পিছত কেঁচা চফ গুটি চোবাই খাব পাৰে। দিনটোত তিনিবাৰ মান ইয়াক ব্যৱহাৰ কৰিলে পেটৰ বিষ নিয়ন্ত্ৰণ হৈ থাকিব।

পেটৰ বিষ বন্ধ কৰাৰ আন এটা উপায় হল – হিং – How to use Hing (Asafoetida) for stomach pain in Assamese

 হিং ত পোৱা এন্টিস্পাজম’ডিক আৰু এন্টিফ্লেটুলেণ্ট গুণৰ ফলত ই পেটৰ বিষ, গেছ বা বদহজমৰ পৰা উপশম পোৱাত সহায় কৰে। Home Remedies for Stomach Pain

হিং কেনেকৈ ব্যৱহাৰ কৰিব লাগে 

  • এগিলাচ কুহুমীয়া গৰম পানীত এচিকুটমান হিং দি  মিশ্ৰণটো ভালদৰে মিহলাই লওক।
  • পেটৰ বিষৰ পৰা উপশম পাবলৈ এই মিশ্ৰণটো আপুনি দিনে দুবাৰমানকৈ ব্যৱহাৰ কৰিব লাগিব।
  • পেটৰ বিষ আৰু গেছৰ সমস্যাৰ পৰা উপশম পাবৰ বাবে এই ঔষধ অতি উপকাৰী। ইয়াৰ বাহিৰেও আন এটা কাম কৰিব পাৰে একাপ গৰম পানীত এক চামুচমান হিং দিব।
  • এতিয়া সেই পানী খিনিত কাপোৰ এখন তিয়াই থব। তাৰ পাছত এই তিয়াই থোৱা কাপোৰখন পেটত ১০ৰ পৰা ১৫ মিনিটমান সময় ৰাখিব লাগে।
  • ই আপোনাক কম সময়ৰ ভিতৰত পেটৰ বিষ ভাল হোৱাত সহায় কৰিব আৰু সকলো ধৰণৰ সমস্যাৰ পৰা সকাহ পাব।

পেটৰ বিষৰ ঘৰুৱা ঔষধ বেকিং ছ’ডা – Baking Soda for Stomach Pain in Assamese

বেকিং ছ’ডাই মানৱ শৰীৰত PH ৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰাৰ লগতে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে। সেইবাবেই বেকিং ছ’ডাৰ ফলত পেটৰ বিষ আৰু গেছৰ পৰা সকাহ পোৱা যায়। নেমু হল ভিটামিন চিৰ এটা ভাল উৎস। নেমুত থকা এন্টিঅক্সিডেন্ট গুণে শৰীৰৰ পৰা ফ্ৰী ৰেডিকেলবোৰ আঁতৰাই পেলোৱাত সহায় কৰে। Home Remedies for Stomach Pain 

বেকিং চোডা আৰু নেমুক পেটৰ বিষ ভাল কৰিবলৈ কেনেকৈ ব্যৱহাৰ কৰিব

  • এগিলাচ গৰম পানীত এক চামুচ বেকিং ছ’ডা লগত এচামুচ নেমুৰ ৰস  আৰু অলপ নিমখ মিহলাই লব লাগে।
  • এতিয়া বেকিং ছডা আৰু নেমু ৰসৰ মিশ্ৰণটো খাওক।
  • এই মিশ্ৰণটো দিনে দুই বাৰ বা তিনিবাৰ মানকৈ ব্যৱহাৰ কৰিব লাগে।
  • বি:দ্ৰ – উচ্চ ৰক্তচাপ থাকিলে (High Blood Pressure)  এই ঔষধ ব্যৱহাৰ নকৰিব।

পেটৰ বিষৰ পৰা উপশম পাবলৈ পদিনা কেনেকৈ ব্যৱহাৰ কৰিব –  Pudina (peppermint) for Stomach Pain

home remedies for stomach pain,stomach pain,stomach pain after drinking alcohol,stomach pain after eating,stomach pain and diarrhea,stomach pain at night,stomach pain before period,stomach pain causes,stomach pain covid

পদিনাই পেটৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে। পদিনাৰ এন্টিস্পাজম’ডিক গুণে আপোনাৰ পেটৰ বিষ আৰু গেছৰ সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰে। তাৰোপৰি পদিনাই হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। Home Remedies for Stomach Pain

পদিনা কেনেকৈ ব্যৱহাৰ কৰিব লাগে

  • প্ৰতিদিনে দুই কাপ মান যদি পুদিনাৰ চাহ সেৱন কৰে তেন্তে আপুনি পেটৰ বিষৰ পৰা উপশম পাব পাৰিব।
  • পদিনা চাহ বনাবলৈ হলে একাপমান গৰম পানীত শুকান পদিনাৰ পাত কেইটামান দি ১০ মিনিট মান সময় উতলিবলৈ দিব লাগিব। তাৰ পাছত তাত কেইটোপাল মান মৌ জোল দি সেই মিশ্ৰণটো চেকি লব।
  • এতিয়া এই মিশ্ৰণটো আপুনি লাহে লাহে খাব । ইয়াৰ বাহিৰেও আপুনি প্ৰতিদিনে পদিনাৰ পাত চোবাই খালে পেটৰ বিষ আৰু গেছৰ সমস্যাৰ পৰা উপশম পাব।

পেটৰ বিষৰ বাবে দৈ ক ব্যৱহাৰ কৰিব পাৰে – Curd (Dahi) for Stomach Pain

দৈ আমাৰ সমগ্ৰ দেহটোৰ বাবে উপকাৰী। দৈ য়ে আমাৰ হজম শক্তি বৃদ্ধি কৰাত সহায় কৰাৰ লগতে বদহজমৰ ফলত হোৱা পেটৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে। Home Remedies for Stomach Pain

দৈ কেনেকৈ ব্যৱহাৰ কৰিব লাগিব – 

  • একাপ পানীত দুচামুচমান দৈ আৰু অলপমান নিমখ দিব।
  • এতিয়া এই মিশ্ৰণত তিনি চামুচমান ধনীয়া পাতৰ ৰস দিব।
  • তাৰ পাছত আধা চামুচমান ইলাচি গুড়ি ভালদৰে খুন্দি লৈ মিহলাই খাব লাগে।
  • খাদ্য খোৱাৰ এঘণ্টামানৰ পিছত এই মিশ্ৰণটো খাব লাগে।

ধানৰ পানীয়ে পেটৰ বিষৰ পৰা উপশম দিয়ে – Rice Water for Stomach Pain

যেতিয়াই আপুনি পেটৰ বিষৰ সমস্যাত ভূগে যিমান পাৰে কোমল খাদ্য খাবলৈ চেষ্টা কৰক। ঠিক তেনেদৰে চাউলৰ পানীও এবিধ কোমল খাদ্য যিয়ে আপোনাক পেটৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰিব। ইয়াৰ উপৰিও চাউলৰ পানীয়ে পেট ফুলা আৰু গেছৰ সমস্যা দূৰ কৰে। Home Remedies for Stomach Pain

চাউলৰ পানী কেনেকৈ ব্যৱহাৰ কৰিব লাগে – How to use rice water for stomach pain?

  • আধা কাপমান চাউল ভালদৰে ধুই ল’ব লাগে।
  • এটা বাছনত ছয় কাপমান পানী উতলাই লওক। তাৰ পিছত তাত আধা কাপ চাউল দিব।
  • চাউলখিনি অলপ মান সিজা পাছত চাউলখিনি চালনী চেকি পানী খিনি ঠাণ্ডা হবলৈ দিব লাগে।
  • এতিয়া এই পানী খিনিত মৌ জোল অলপ মিহলাই দিব।
  • তাৰ পিছত এই কুমলীয়া চাউলৰ পানীখিনি আৰামত খাব লাগে।
  • এই মিশ্ৰণটো দিনে দুবাৰ মানকৈ খালে পেটৰ বিষৰ পৰা সোনকালে আৰাম পাব পাৰিব।

In This article we have discussed about home remedies for stomach pain and also we have discussed about the stomach pain casues. Thank You friends for reading this article.