How to earn money from Facebook in Assamese : বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াৰ সৰ্ববৃহৎ প্লেটফৰ্ম হৈছে ফেচবুক । আপুনি শুনি আচৰিত হব যে ফেচবুকত বৰ্তমান সময়ত ৪০ কোটিতকৈও অধিক লোক সংযোজিত হৈ আছে আৰু প্ৰতিদিনে ফেচবুকৰ ব্যৱহাৰকাৰীৰ সংখ্যা লাখ হিচাপত বাঢ়ি গৈ আছে। ফেচবুকত জড়িত থকা লোকৰ সংখ্যা অতি বেছি হোৱাৰ বাবে যিকোনো বস্তুৰ প্ৰচাৰৰ বাবে ফেচবুকক শ্ৰেষ্ঠ প্লেটফৰ্ম হিচাপে ধৰি লোৱা হয় সেয়েহে ইয়াৰ পৰা টকা উপাৰ্জন কৰিবলৈও বেলেগ প্লেটফৰ্মতকৈ সহজ।
Zestmoney এপৰ পৰা লোন কেনেকৈ লব? A to Z শিকো আহক | Apply Zestmoney Personal Loan in Assamese
ফেচবুকৰ পৰা কেনেকৈ উপাৰ্জন কৰিব সেইটো বুজাৰ আগত এইটো জানি লওক যে ফেচবুক হৈছে এখন বজাৰ য’ত নেকি গোটেই দিনটো গ্ৰাহক উপস্থিত থাকে আৰু ইয়াত উপস্থিত থকা মানুহৰ সংখ্যা কোটিৰ ঘৰত আৰু ইয়াক পৃথিৱীৰ সকলো দেশৰ মানুহে ব্যৱহাৰ কৰে। সেয়েহ ফেচবুক আমাৰ বাবে এখন ডাঙৰ বজাৰ।
Table of Contents
ফেচবুকৰ পৰা টকা ঘটাৰ ১০ টা সহজ উপায়- 10 Best and Easiest ways to earn money from Facebook in Assamese – 2022
ফেচবুক কিয়? Why Facebook in Assamese?
বৰ্তমান সময়ত আমি যদি চাও ছচিয়েল মিডিয়া বুলি কলে বহুতো প্লেটফৰ্ম আছে যেনে: – Whatsapp, Instagram, Twitter কিন্তু আমি আজি কথা পাতিম কেৱল ফেচবুকৰ বিষয়ে, এতিয়া কথা হল কেৱল ফেচবুক কিয়? ইয়াৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত সৰ্বপ্ৰথম আৰু আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আন সকলো প্লেটফৰ্মৰ তুলনাত ফেচবুকৰ ব্যৱহাৰকাৰী অধিক ।
Bandhan Bank ৰ পৰা কেনেকৈ লোন লব পাৰিব : Bandhan Bank Personal Loan in Assamese Apply Online
ফেচবুকক অগ্ৰাধিকাৰ দিয়াৰ আনকাৰণ সমূহৰ ভিতৰত এটা অন্যতম কাৰণ হ’ল আমি ব্যৱহাৰ কৰি থকা সকলো প্লেটফৰ্মৰ ভিতৰত ফেচবুক আটাইতকৈ পুৰণি প্লেটফৰ্ম আৰু ই বিশ্বাসযোগ্য । ফেচবুকক যেনেকৈ ৰাজহুৱা ভাৱে ব্যৱহাৰ কৰিব পাৰে ঠিক তেনেকৈ আপুনি Whatsapp আৰু Instagram ক ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ ফেচবুকৰ তুলনাত বাকী কেইটা এপ্লিকেচনৰ বৈশিষ্ট্য সমূহ সীমিত।
How to earn money from Facebook in Assamese
ইয়াত ৰাজহুৱা শব্দটো এইবাবেই যোগ কৰা হৈছে কাৰণ ফেচবুকত কাৰোবাৰ লগত আপুনি যদি বন্ধুত্ব গঢ়িব বিচাৰে তেন্তে সেইব্যক্তিজনক আপুনি ব্যক্তিগতভাৱে জনাৰ কোনা প্ৰয়োজন নাই, কিন্তু হোৱাটছএপত যদি আপুনি আন এজনৰ ব্যক্তিৰ লগত যোগাযোগ কৰিব বিচাৰে তেন্তে সেই ব্যক্তিজনৰ ফোন নম্বৰৰ প্ৰয়োজন হব।
ফেচবুকৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলোৱা আন এটা কাৰণটো হ’ল যে ফেচবুকে উপলব্ধি কৰিছে যে ইয়াৰ ব্যৱহাৰকাৰীসকলে ইয়াক এখন বজাৰ হিচাপেও ব্যৱহাৰ কৰিব বিচাৰে। সেয়েহ ব্যৱহাৰকাৰীসকলৰ এই প্ৰয়োজনীয়তাক আগ স্থান দি ফেচবুকে ভিডিঅ’, ফটো আৰু লেখাৰ জৰিয়তে উপাৰ্জন কৰিব পৰা বহু উপায় উলিয়াইছে। সেই উপায় সমূহৰ বিষয়ে বিতং ভাৱে এই লেখাত অধিক কোৱা হৈছে।
ফেচবুকৰ পৰা কেনেকৈ উপাৰ্জন কৰিব পাৰি? How to earn money from Facebook in Assamese?
আপোনালোকে এতিয়ালৈকে এইটো নিশ্চয় গম পাইছে চাগৈ যে ফেচবুকৰ পৰাও টকা উপাৰ্জন কৰিব পাৰি। আজি আমি সকলোবোৰ পদ্ধতিৰ ভিতৰত যি কেইটা আটাইতকৈ সহজ তেনেকুৱা ১০টা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। লেখাটোত উল্লেখ কৰা ১০ টা পদ্ধতিৰ ভিতৰত যিটোৱেই আপোনাৰ পছন্দ হয় তাক বাছি লব পাৰে। আশা কৰিছো আপোনালোকে লেখাটো শেষলৈকে পঢি়ব।
১) ফেচবুক মাৰ্কেট প্লেচ – Facebook Market Place in Assamese
লিংক – https://www.facebook.com/marketplace/
বন্ধুসকল ফেচবুক মাৰ্কেট প্লেচ হৈছে ফেচবুকৰ এটা ফিচাৰ মানে বৈশিষ্ট। ইয়াৰ জৰিয়তে আপুনি ফেচবুকত পোনপটীয়াকৈ বস্তু কিনা-বেচা কৰিব পাৰে। এই সুবিধাটোৰ জৰিয়তে আপোনাৰ যিকোনো সামগ্ৰী তালিকাভুক্ত কৰিব পাৰে আৰু ইয়াৰ উচিত মূল্য লিখিব পাৰে আৰু লগতে সামগ্ৰীটোৰ এখন ছবিও সংলগ্ন কৰিব পাৰে।
ফেচবুক মাৰ্কেট প্লেচৰ জৰিয়তে ফেচবুকত উপস্থিত থকা হাজাৰ হাজাৰ গ্ৰাহকক আপোনাৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে আৰু টকা উপাৰ্জন কৰিব পাৰে। এটা কথা মনত ৰাখিব ইয়াত সামগ্ৰী বেচৰা সময়ত আপুনি ফেচবুকৰ কমিউনিটি গাইডলাইন ভংগ কৰিব নোৱাৰিব।
How to earn money from Facebook in Assamese
ফেচবুক মাৰ্কেট প্লেচৰ আটাইতকৈ অন্যতম ভাল গুণটো হল যে ইয়াত গ্ৰাহকৰ সংখ্যা সীমিত নহয়। সমগ্ৰ পৃথিৱীৰ লাখ লাখ গ্ৰাহকক আপোনাৰ সামগ্ৰী অতি সহজে আপুনি বিক্ৰি কৰিব পাৰে। আৰু ইয়াৰ জৰিয়তে আপোনাৰ সামগ্ৰীটোৰ বিশ্বব্যপী প্ৰচাৰ হয়।
ফেচবুক মাৰ্কেট প্লেচত আপোনাৰ সামগ্ৰী আপোনাৰ আৰু গ্ৰাহকৰ মাজত থাকিব ইয়াত কোনো মধ্যভোগীয়ে স্থান নাপায় আৰু ইয়াৰ ফলত আপুনি উচিত মূল্যত সামগ্ৰী বিক্ৰি কৰিবলৈ সক্ষম হব।
২) ফেচবুকত এফিলিয়েট মাৰ্কেটিং – Affiliate Marketing On Facebook in Assamese
বন্ধুসকল এফিলিয়েট মাৰ্কেট মানে হৈছে কমিছনৰ মাৰ্কেট। বিভিন্ন কোম্পানীসমূহৰ সামগ্ৰী সমূহ ফেচবুকৰ জৰিয়তে বিক্ৰি কৰি আপুনি অতি সহজে টকা উপাৰ্জন কৰিব পাৰে আৰু ইয়াক কোৱা হয় Affiliate Marketing। এটা উদাহৰণ দিও, ধৰি লওক A নামৰ এটা কোম্পানী আছে। A নামৰ কোম্পানীটোৱে নিজৰ সামগ্ৰী এটা C নামৰ গ্ৰাহকক বিক্ৰী কৰিছে। বিক্ৰি কৰাত সহায় কৰিছে B নামৰ এজন লোকে। সামগ্ৰীটো বিক্ৰি কৰাত সহায় কৰি দিয়া বাবে A কোম্পানীটোৱে B ক লাভৰ কিছু অংশ দিব লাগিব। চমু অৰ্থত এয়াই Affiliate Marketing ।
How to earn money from Facebook in Assamese
ডাঙৰ ডাঙৰ অনলাইন শ্বপিং কোম্পানী যেনে আমাজন, ফ্লিপকাৰ্টৰ দৰে বহু কোম্পানীয়ে Affiliate Marketing ৰ সুবিধা দিয়ে। ইয়াৰে যিকোনো এটা কোম্পানীৰ Affiliate Marketing ৰ অংশীদাৰ হৈ আপুনি তেওঁলোকৰ প্ৰডাক্ট ফেচবুকত বিক্ৰী কৰিব পাৰে। যেতিয়াই আপুনি সামগ্ৰী বিক্ৰি কৰিব আপোনাৰ কমিচন পাই যাব।
৩) ফেচবুকত নিজৰ ব্যৱসায়ৰ প্ৰচাৰ কৰক – Advertise Your business On FB in Assamese
বৰ্তমান সময়ত ফেচবুক হৈছে বিশ্বৰ সৰ্ববৃহৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম। য’ত বৰ্তমান সময়ত ৪০ কোটিতকৈও অধিক লোক সংযোজিত হৈ আছে। গতিকে ইমান এটা ডাঙৰ প্লেটফৰ্মত আপুনি নিজৰ ব্যৱসায়ৰ প্ৰচাৰ কৰিব পাৰে আৰু উন্নতিৰ জখলাত আগুৱাই যাব পাৰে।
যদি আপুনি ফেচবুকত আপোনাৰ ব্যৱসায়টোৰ নামত এটা ফেচবুক পেজ বা গ্ৰুপ খুলি লয় আৰু সেই পেজ টো আৰু গ্ৰুপটো প্ৰচাৰৰ দিশত অলপ গুৰুত্ব দিয়ে তেন্তে আপুনি কম দিনৰ ভিতৰত আপোনাৰ ব্যৱসায়ক ফেচবুকৰ জৰিয়তে যথেষ্ট লোকৰ ওচৰলৈ লৈ যাব পাৰিব।
৪) ফেচবুকৰ বাবে কন্টেন্ট লিখা – Create Facebook Content in Assamese
যদি আপোনাৰ লেখা-মেলা কৰাত আগ্ৰহ আছে বা আপুনি ভাল লেখা প্ৰকাশ কৰিব পাৰে তেন্তে আপুনি লেখা প্ৰকাশ কৰিও ফেচবুকৰ পৰা টকা উপাজৰ্ন কৰিব পাৰে। ফেচবুকত যদি আপুনি ভাল উন্নত মানদণ্ডৰ লেখা প্ৰকাশ কৰিব পাৰে তেন্তে ফেচবুকে নিজেই আপোনাক প্ৰচাৰ কৰিব আৰু আপোনাক লেখা প্ৰকাশ কৰিবলৈ এক বিশাল মঞ্চ প্ৰদান কৰিব।
৫) ফেচবুকৰ লাইক বিক্ৰী কৰি উপাৰ্জন কৰক – Earn by Selling Facebook Likes in Assamese
বৰ্তমান সময়ত ফেচবুকত এটা এটা লাইকৰ বাবে সকলোৰে মাজত প্ৰতিযোগিতাৰ সৃষ্টি হয়। সেইবাবে আপুনিও লাইক বিক্ৰি কৰি টকা উপাজৰ্ন কৰিব পাৰে। কিন্তু এই পদ্ধতিটো ফেচবুকে গ্ৰহণযোগ্য বুলি নকয়। বহুলোকে এই পদ্ধতিৰে টকা উপাৰ্জন কৰাটো ভুল বুলি কয়। কিন্তু যদি আপুনি আন কাৰো একাউণ্ট হেক নকৰাকৈ ইয়াক ব্যৱহাৰ কৰে তেনেত আপুনি ১০০০ টা লাইকৰ পৰিৱৰ্তে ৭৫ ডলাৰ টকালৈকে ঘটিব পাৰে।
৬) ফেচবুকত আপোনাৰ ৰায় প্ৰচাৰ কৰক- Influence Marketing on Facebook in Assamese
আপুনি নিশ্চয় এটা কথা লক্ষ্য কৰিছে যে নিৰ্বাচনৰ সময়ত বহুলোকে বেলেগ বেলেগ ৰাজনৈতিক দলক সমৰ্থন কৰে আৰু দলৰ সমূহৰ বিষয়ে ভাল ভাল কথা ফেচবুকত প্ৰচাৰ কৰে। আপুনি নাভাবিব যে তেওঁলোকে সেয়া নিজৰ মনৰ পৰা কৰিছে। সেই কথাখিনি প্ৰচাৰ কৰিবলৈ তেওঁলোকক টকা প্ৰদান কৰা হৈছে।
কিন্তু এই পদ্ধতিৰে টকা ঘটাটো অলপ কঠিন কাৰণ ইয়াৰ বাবে আপোনাৰ ফেচবুকত বহুত বেছি ফ’ল’ৱাৰ থাকিব লাগিব। আৰু যিমানে বেছি ফ’ল’ৱাৰ থাকিব সিমানে টকা উপাজৰ্ন কৰিব পাৰিব।
How to earn money from Facebook in Assamese
PM Shri Yojana 2022 in Assamese – (PM SHRI Yojana full form in Assamese) ৰ সুবিধা কি কি
৭) Facebook Ads ৰ পৰা উপাৰ্জন কৰক – Earn money from Facebook Ads in Assamese
লিংক- https://www.facebook.com/adsmanager/
ফেচবুক এডছৰ দ্বাৰা আপোনাৰ পেজটো ফেচবুকত প্ৰচাৰ কৰা হয়, কিন্তু যদি আপুনি ফেচবুক এইডছৰ অংশ হৈ পৰে তেন্তে আপুনি আন কাৰোবাৰ পেজ প্ৰচাৰ কৰি ধন উপাৰ্জন কৰিব পাৰে।
Facebook Ads ৰ জৰিয়তে ফেচবুকত বিজ্ঞাপন চলোৱা হয়। আপুনি যদি Facebook Ads ৰ অংশীদাৰ হৈ পৰে তেন্তে আপুনিও অন্য লোকৰ ফেচবুক পেজ, গ্ৰুপ বা সামগ্ৰী আদিৰ বিজ্ঞাপন চলাই টকা উপাৰ্জন কৰিব পাৰে। তাৰ বাবে আপোনাৰ ফেচবুক পেজত বহুত বেছি ফ’ল’ৱাৰ থাকিব লাগিব।
How to earn money from Facebook in Assamese
৮) ফেচবুক একাউণ্ট মেনেজ কৰক- Manage Facebook account in Assamese
বহুতো এনেলোক আছে যি নিজৰ ছ’চিয়েল মিডিয়া আন লোকক চলাবলৈ দিয়ে কাৰণ তেওঁলোকৰ সময়ৰ অভাৱ। যদি আপুনিও ছ’চিয়েল মিডিয়া ভালদৰে ব্যৱহাৰ জানে বা ছ’চিয়েল মিডিয়াত আকৰ্ষণীয় পোষ্ট কৰিব পাৰে তেন্তে এই পদ্ধতিৰ জৰিয়তেও আপুনি ফেচবুকত টকা উপাৰ্জন কৰিব পাৰে। এনেকুৱা ধৰণৰ কাম আপুনি চেলিব্ৰিটি সকলৰ পৰা লব পাৰে বা আপুনি যিকোনো চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়া মেনেজাৰ হিচাপে কাম কৰিব পাৰে
৯) ফেচবুক গ্ৰুপ পৰিচালনা কৰা – Managing Facebook Group in Assamese
বহু ডাঙৰ ডাঙৰ ৰাজনৈতিক দল আৰু কোম্পানী বোৰে তেওঁলোকৰ তথ্য প্ৰচাৰৰ বাবে ফেচবুক গ্ৰুপৰ সহায় বিচাৰে আৰু তাৰ জৰিয়তে ৰাইজৰ মাজত তেওঁলোকৰ বাৰ্তা উপস্থাপন কৰে। এনেধৰণৰ গ্ৰুপ চলাবলৈ তেওঁলোকক এনে এজন এডমিনৰ প্ৰয়োজন যিয়ে তেনেকুৱা গ্ৰুপবোৰ সুন্দৰ ভাৱে কোনো অসুবিধা নোহোৱাকৈ চলাব পাৰে। এনেধৰণে কাম কৰা এডমিনক দৰমহা হিচাপত টকা দিয়া হয়।
১০) প্ৰত্যক্ষ প্ৰচাৰ – Direct advertising in Assamese
ফেচবুকত টকা উপাৰ্জনৰ অন্তিমটো উপায় হল এইটোৱেই। যদি আপোনাৰ এটা ৱেৱচাইট বা ইউটিউব চেনেল আছে তেন্তে আপুনি ফেচবুকৰ জৰিয়তে তাক প্ৰচাৰ কৰি ৱেৱচাইট বা ইউটিউব চেনেলটো উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে। তাৰ বাবে আপোনাৰ ফেচবুকত এটা পেজ থাকিব লাগিব আৰু তাত যিমান পাৰে সিমান ফ’ল’ৱাৰ যোগ কৰাব লাগিব।
এই পেজটোত যোগ হোৱা লোক সকলে আপোনাৰ ৱেৱচাইটৰ লিংকত গৈ ৱেৱচাইটৰ লেখা পঢ়িব নহলে আপোনাৰ ইউটিউব চেনেলৰ ভিডিঅৰ লিংকত ক্লিক কৰি ভিডিঅ চাব আৰু আপুনি তাৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব।
How to earn money from Facebook in Assamese
ফেচবুকৰ পৰা উপাৰ্জন কৰাৰ সময়ত এই কথা মনত ৰাখিব – Facebook earning guidelines in Assamese
ফেচবুকৰ পৰা টকা ঘটিবলৈ হলে আপুনি ফেচবুকৰ কমিউনিটি গাইডলাইন ভংগ নকৰাকৈ কাম কৰিব লাগিব। নহলে আপোনাৰ সকলে কষ্ট বিফলে যাব আৰু আপোনাৰ একাউণ্ট চিৰদিনৰ বাবে বন্ধ হৈ থাকিব। গতিকে যিকোনো কাম কৰাৰ আগত ভাল দৰে তাক অধ্যয়ন কৰিহে আগবাঢ়িব।
বন্ধুসকল আজিৰ How to earn money from Facebook in Assamese লেখাটোত ইমানতে সামৰিছো। How to earn money from Facebook in Assamese লেখাটো শেষলৈকে পঢ়া বাবে অশেষ ধন্যবাদ।
3 thoughts on “ফেচবুকৰ পৰা টকা ঘটাৰ 10 টা উপায়- How to earn money from Facebook in Assamese 2022”